পৃষ্ঠা:কুলাচল বধ.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
কুলাচল-বধ৷

হেন শুনি অগস্তিৰ ক্ৰোধ উপজিল।
মহা গৰ্ব্ব কৰি আতি মাতিবে লাগিল॥
হাঁউৰে পাপিষ্ট কিকথা ৰটিলি।
ঈশ্বৰক অবহেলি পাতক সঞ্চিলি॥
হুক হুক কৰি যিটো সাৰণে ভূকয়।
শৃগাল সকলে বড় তাহাকে মানয়॥
মূষে মাৰ্জ্জাৰীক ভয়ে মানে বড়কৰি।
কীটে বাঘপৰুৱাক চিন্তে অতি ডৰি॥
যদি শৃগালৰ শিঙ্গ গজিয়া থাকয়।
আপোনাত কৰি বড় কাকো নেদেখয়॥
তই সেহিমতে দেখ ৰাজা শ্ৰেষ্ঠতৰ।
ঢিপ আঁৰে পৰ্ব্বত নেদেখে কোন নৰ॥
পেটুৱা নৃপতি সব আছে পৃথিবীত।
ৰাত্ৰি দিনে পুত্ৰ পৰিয়ালে মাত্ৰ চিত্ত॥
বৈষ্ণৱ বিপ্ৰক হিংসি আগ্ৰহ কৰয়।
আপোনাত পৰে কাকো বড় নমানয়॥
পিম্পৰাৰ মধ্যে দেখি বড় গোট যেন।
তোহোৰ নৃপতি সব জানিবিহি তেন॥
একেতিলে কাল বাঘে মুচৰি মাৰয়।
দান্ত নিকোটায়া সবে পড়িয়া থাকয়॥