পৃষ্ঠা:কুলাচল বধ.djvu/২৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬২
কুলাচল-বধ ৷

হেন বসুৰূপ পায়া পৰম দুষ্কৰ।
তুমি কেনে বাপু বাঞ্চা কৰা মনুষ্যৰ॥
তোমাৰ তথাপি ইকামনা পুৰ হোক।
ভোগ কৰি মহা ভকতিক আচৰোক॥
মনুষ্য শৰীৰে হৱে ভকতি যিমত।
নপাৰে কৰিতে কিছু দেৱ শৰীৰত॥
ইহাক জানিয়া তুমি তাহক প্ৰাৰ্থিলা।
এতেকেসে তাতে মহা ভকতি কৰিলা॥
শুনা পাছকণা মুনি যুদ্ধ যেন মত।
সাবশেষ কহোঁ কথা তোমাৰ আগত॥
যেবে পঞ্চাসুৰ বীৰ ৰণত পড়িল।
তেবে কুলাচল ৰাজা ক্ৰোধত জ্বলিল॥
শোকে কোপে অন্ধকাৰ দেখে তমোময়।
যুঝিবাক মনে তেবে কৰিলা নিশ্চয়॥
যোজনেক মানে তাৰ ৰথ মহীষৰ।
চড়াও হোৱয় জানা তাহাৰ ৰথৰ॥
শ্বেত ছামৰ সুৱৰ্ণৰ ছত্ৰচয়।
মাজে মাজে হীৰা ৰত্ন মণি বিৰাজয়॥
মহাকাল মেঘে যেন প্ৰকাশয় তাৰা৷
মহা ৰথ খান আতি দেখি জাতিস্কৰা॥