পৃষ্ঠা:কুলাচল বধ.djvu/২৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৩
কুলাচল-বধ ৷

বিদ্যুত সঞ্চাৰে বেগে ডাকিলেক তাক।
আগে পাছে চলে অংসখ্যাত বীৰ জাক॥
পাৰিষদ বীৰক ধাইলেক খৰতৰে।
কাণ্ডে খাণ্ডে জাঠি জোঙ্গ হানে নিৰন্তৰে॥
যথাত আছন্ত সনাতন দেৱহৰি।
গরুড় বাহনে মনোহৰ ৰূপ ধৰি॥
শিৰত কিৰীটি কৰ্ণে মকৰ কুণ্ডল।
শ্ৰীবৎস কৌস্তভ নৱ আদিত্য উজ্জ্বল॥
বনমালা হাৰ মনি কটিত কিঙ্কিণী৷
পাট পীত ভূনি গরুড়ৰ কন্ধে জিনি॥
আজানু লম্বিত ভুজ জলে চাৰিখান৷
ধৰিছা সাৰঙ্গ গদা আৰো চক্ৰ বাণ॥
কোটি সূৰ্য্য সম প্ৰকাশন্ত চক্ৰপাণি।
ভকতৰ পদে হৰি যুঝন্ত আপুনি॥
হেন মহা ৰূপ কুলাচলে দেখিলন্ত।
খানিতেক মানে মনে মনে গুণিলন্ত॥
অপূৰ্ব্ব মনুষ্য মই যাহাক ঘালিল।
তাহাৰ গোটেক দেখো লগত নাসিল॥
বৈকুণ্ঠৰ নাথ এহি জানিলোঁ নিশ্চয়।
কিনো চাৰু চতুৰ্ভূজ ৰূপ ধৰি চয়॥