পৃষ্ঠা:কুলাচল বধ.djvu/২৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬১
কুলাচল-বধ ৷

মহাচণ্ড শবদ ভৈলেক ঘোৰতৰ।
যেন মেৰু মন্দৰৰ খসিল শিখৰ॥
ঝনাৎকাৰ কৰি তাৰ শিৰক ছেদিলা৷
ভয়ানক গাণ্ডি গোট ভুমিত পড়িলা॥
সিংহ যান গোটকো ছেদিলা তাৱক্ষণে।
হ্ৰস্ব হুয়া ৰৈলা যায় কৃষ্ণৰ চৰণে॥
পঞ্চাসুৰ মহাবীৰ ৰণত পড়িল।
কতো দূৰ মানে ৰণ ধৰণী লড়িল॥
তাৰ নিজ আত্মা গোট দিব্য ৰূপ ভৈলা।
গলে বনমালা হাতে চাৰি অস্ত্ৰ লৈলা॥
পাৰিষদ ৰূপে শ্বেত বৈকুণ্ঠক গৈলা।
তাৰ কৰ্ম্ম দেখি সবে বিস্ময় লভিলা॥
হৰি ভকতৰ সবে মহত্ব নিশ্চয়।
দেহ ধৰি ভোগ্য কৰি ভক্তি প্ৰবৰ্ত্তয়॥
পৰম ভকতৰ তেন্তে বৈকুণ্ঠ নাথৰ।
আছিলেক তেহে উপৰি জন্মৰ॥
নৰ জন্ম হৈবে লাগি ব্ৰহ্মাত প্ৰাৰ্থিলা।
হেন দেখি বিধাতায়ে তাহাত পুছিলা॥
মহা পুণ্য দেছ দেৱতাৰ অতিশয়।
তপ জগ জজ্ঞ দানে আক নপাৱয়॥