এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬০
কুলাচল-বধ।
এহি বুলি আথে বেথে হৰিক সুমৰি।
মাথাৰ মণীৰ উপৰক তুলি ধৰি॥
আকাশ চাহিয়া পাছে দলি হানি দিল
বিষ্ণুৰ নুপুৰ বেগে বাঢ়িবে লাগিল॥
অন্ধকাৰ চন্ন কৰি আপুনি চলিল।
প্ৰলয় কালত যেন বলাহে গৰ্জিল॥
নমো নাৰয়ণ বুলি পঞ্চাসুৰে চাই।
বোলন্ত মিলিল মোৰ বধৰ উপায়॥
অজি ধৰি মোৰ দুঃখ দুৰ্গতি গুছিল।
তিনি যুগে আদ্য শৰীৰক সুমৰিল॥
ৰহিলন্ত বীৰে স্মৰি নাৰায়ণ নাম।
মনে মাধবৰ পাৱে কৰিলা প্ৰণাম॥
বপু সুতে বোলে অবা শুনা মুনিবৰ।
অদভুত মহিমা কৃষ্ণৰ মঞ্জীৰৰ॥
প্ৰকাশিত হুয়া বেগে বাঢ়িবে লাগিল।
চন্দ্ৰ সূৰ্য্য নক্ষত্ৰ গণক প্ৰকম্পিল॥
ৰশ্মি জ্বলে পীড়িলেক বিমান সকল।
প্ৰভাহীন হুয়া ৰবি কৰে টলবল॥
আকাশে উধাই যাই প্ৰচণ্ড প্ৰভাৱ।
পঞ্চাসুৰ বীৰক পাইলেক সেহি ঠাৱ॥