পৃষ্ঠা:কুলাচল বধ.djvu/২৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
259
কুলাচল-বধ।


সাৰঙ্গ টঙ্কাৰি জয় পাৰিষদ বলী।
শুন পঞ্চাসুৰ বুলি হাসি খল খলি॥
কেনে বিপৰীত হেন কৰস অমন।
মোৰ হাতে আজি তোৰ চলিব জীবন॥
দেন শুনি মহাবীৰ মায়াবী দানব।
আকাশৰ পৰা মাতে কৰিয়া উৎসব॥
শুন অৰে মোহোৰ বচন যেন ঠান।
পাৰ যদি বাণ হানি লৈয়ো মোৰ প্ৰাণ॥
মোক মাৰি তোমাৰাৰ সাধা কৌতুহল।
নপাৰস যদি তেবে প্ৰাণ ৰাখি চল॥
এহি বুলি মহা শৰ সব প্ৰহাৰিল।
আকাশ বিয়পি ৰবি ৰশ্মিক ঢাকিল॥
ভৈল ঘোৰ অন্ধকাৰ নাকলিয় দিশ।
হেন দেখি কৰে সবে দানবে হৰিষ॥
মৰে পাৰিষদ সবে নপাৱয় উলি।
আমাৰাৰ দুঃখ আৰে গুচিল সমূলি॥
এহি কহি দানব কটকে দিলে রুলি।
মাধবৰ প্ৰজাত লাগিল হুলস্থুলী॥
অনন্তৰে জয় বীৰে শঙ্কট দেখিল।
পাৰিষদ সমূহৰ মৰণ মিলিল॥