সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
কুলাচল-বধ৷

পৃথিবীৰ ভোগ্য যত আমাৰ যতন।
তুমি কেন মতে হেন বোলাহা বচন॥
অগস্তি বোলন্ত বোপা কহিলাহা কায।
ভাল খাৱে পিন্ধে ভোগ্য কৰে যত ৰাজ॥
কিন্তু মাধবৰ ইটো প্ৰসাদ দ্ৰব্যক।
কতবা ভাগ্যেসে পাই ভূঞ্জিবে ইহাক॥
ব্ৰক্ষা হৰ আদি যত দেৱ মহাজন।
তাসম্বাৰ দুৰ্ল্লভয়ে আৰকা ভোজন॥
ঈশ্বৰৰ অৱশেষে ভকতে ভুঞ্জয়।
আনে আক দেখিবাক যোগ্য নুহিকয়॥
তথাপিতো তুমি ভালে কৰিলা বাঞ্চিত।
অৱশেষ ভৈলেসে তোমাক পাৰি দিত॥
কুমৰে বোলয় আমি সবাহাতে চাৰ।
ৰবিতলে ৰাজা আমি তাহান কুমাৰ॥
অৱশেষ কেনমতে কৰিবোঁ গ্ৰহণ।
আবে আগে আমাৰাক কৰায়ো ভোজন॥
সকল জগতে জানা ৰাজাক পূজয়।
ৰাজাৰেসে অৱশেষ জগতে খাৱয়॥
ৰাজাৰ সমান পূজ্য নাহিকে অপৰ।
কেনে শেষ ভূঞ্জিবোঁহোঁ কথা গুরুতৰ॥

(৩)