পৃষ্ঠা:কুলাচল বধ.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
কুলাচল-বধ।

মন্ত্ৰিগণ সমে উভটিলা তেতিক্ষণ।
কতোবেলি পাইলা পাছে কৰি কোপ মন।
যজ্ঞৰ সম্ভাৰ দেখি দারুণ স্বভাৱ।
লোভে আক্ৰমিল অতি সিহৰিল গাৱ॥
যথাতে আছয় বাউল অগস্তি মহন্ত।
ৰাজাৰ কুমৰ গৈয়া তথা মিলিলন্ত॥
ঋষিসমুহক চাই বুলিলা বচন।
ক্ষুধিত আমাক অন্ন কৰায়ো ভোজন॥
গালৱ বদতি শুনা ৰাজা মহাশয়।
এহিমতে বহু বাৰ বোলে দুৰাশয়॥
কিছু কিছু কৰি পাছে অগস্তি মাতিলা৷
কৈৰ পৰা আসি বোপা তোহোৰা মিলিলা॥
ঈশ্বৰ অৰ্পিত ব্ৰহ্মময় প্ৰসাদক।
কেনমতে দিবোহোঁ তোহোক ভূঞ্জিবাক॥
পৰম ভাগ্যেসে আক লভিবাক পাই।
হেন প্ৰসাদক কেনে খোজাহা বোপাই॥
হেন শুনি ৰাজাৰ কুমৰ মূঢ় জন।
তাহাঙ্ক চাহিয়া হেন বুলিলা বচন॥
মোৰ পিতৃ মহাৰাজা ভোগ্যৰ ঈশ্বৰ
তাহান একল ময় দয়াৰ কুমৰ॥