পৃষ্ঠা:কুলাচল বধ.djvu/২৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৬
কুলাচল-বধ।

পঞ্চাসুৰে বোলে অৰে পাৰিষদ গণ।
কৃষ্ণৰ চৰণে সবে পৈশস শৰণ॥
মোৰ দোষ নাই তেবে যমক চলিবি।
আপোনাক ৰাখিবাক কেৱে নপাৰিবি॥
শুনা জয় বিজয় কুমুদ চিত্ৰসেন।
জয়ন্ত সুনন্দ নন্দ আনো যত জন॥
তোৰা সব মাধৱৰ পাৰিষদ চয়।
তোমৰাক ঢালিবাৰ শকতি আছয়॥
কিন্তু মই নকৰোহোঁ ইমত কাৰ্য্যক।
মোক মাৰি পাঠায়োক আপোন থানক॥
এহি বুলি অসংখ্যাত শৰ বৰিষয়।
পঞ্চাসুৰ বীৰে গণাগণ নকৰয়॥
ভাগিলেক পাৰিষদ সেনা নিৰন্তৰ।
হুসকি চলয় সবে হৰিৰ ওচৰ॥
বোলন্ত জৈমিনি কিনো কথা বিপৰ্যয়।
পাৰিষ শৰে দানবক নিবিন্ধয়॥
মহা চক্ৰবাণ হানে হাজাৰে হাজাৰে।
তাহাত নমৰে আতি কটাক্ষো নকৰে॥
ইটো আচৰিত কথা মিলিল সংশয়।
তুমি সব মহাজন ছেদিবে লাগয়॥