পৃষ্ঠা:কুলাচল বধ.djvu/২৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৫
কুলাচল-বধ।

সেহিমতে সিয়ো বিষ্ণু সোনাত পশিল।
হাতা গাৰি কৰি সবে পিষিবে লাগিল॥
কাকে হাতে হেম্পোচয় আছাৰ মাৰয়।
কতোহো মাথাত বজ্ৰ টোকৰ ঘালয়॥
ঠোঙ্গোনা মুকুতি ঘাতে মাৰিল বিস্তৰ।
অসংখ্য হাজাৰ সৈন্য নিলী যমঘৰ॥
হেন বিপৰীত পাৰিষদে দেখি পাছে।
একে বাৰে ধাইলা অস্ত্ৰ শস্ত্ৰ ধৰি কাছে॥
সবেয়ো বেঢ়িলা তাক দোষক নচাই।
ইহাক সমূলে বেঢ়ি মাৰিতে যুৱাই॥
এহি আলোচিয়া সবে বেঢ়িয়া ঝপাই।
খৰতৰ বেগে সবে হানিলেক যাই॥
কতো চক্ৰ হানে কতো পৰশু তোমৰ।
শত সহস্ৰক বেঢ়ি প্ৰহাৰয় শৰ॥
পৰ্ব্বতক বেঢ়ি যে মেঘে বৰিষয়।
তাহাকো তেমনে সবে বেঢ়িয়া হানয়॥
ভাগৰিল সৰে হৰি সেনাগণ যত।
গোটেকো নিবিন্ধে শৰে তাহাৰ গাৱত॥
দেখি দেৱ সিদ্ধ বিদ্যাধৰ মহাভয়।
অস্ত্ৰে শস্ত্ৰে তাহাক গোটেকে নেভেদয়॥