পৃষ্ঠা:কুলাচল বধ.djvu/২৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৭
কুলাচল-বধ।

পক্ষিগণে বোলে ইটো কথা গুরুতৰ।
তোমাত কহিবোঁ হংস কাকী ৰহস্যৰ॥
পৰম যোগেন্দ্ৰ ভক্ত বৈকুণ্ঠ নাথৰ।
তাক মাৰিবাৰ কোন শকতি বাপৰ॥
পৰম ভকত তেন্তে অজৰ অমৰ।
আপুনি কৰয় যিটো নাহিকে অপৰ৷।
এহি হেতু পাৰিষদে নপাৰে বধিত।
শুনা পাছ কথা যেন ভৈলেক তহিত॥
পলাই মাধৱৰ সেনাগণ নিৰন্তৰ।
বিস্ময় ভৈলন্ত সবে সিদ্ধ বিদ্যাধৰ॥
পাৰিষদ সবে যাইবিষ্ণুৰ আগত।
কহিবে লাগিলা পঞ্চাসুৰৰ মহত্ত্ব॥
হে প্ৰভু দেব বড় ভৈল অথান্তৰ।
পঞ্চাসুৰ নামে সেনাপতি দানৱৰ॥
আমি সব পাৰিষদ ভাগৰিলো তাত।
অস্ত্ৰ শস্ত্ৰ তাহাৰ নিবিন্ধে কিছু গাত॥
যত অস্ত্ৰ যন্ত্ৰ তাৰ গাৱত পড়য়।
ভোটা হুয়া যাই তাৰ চাল নিবিন্ধয়॥
হেন দানব যদি আরুৰ গোট হয়।
তাহাক মাৰন্তা চৈধ লোকত নোহয়॥