পৃষ্ঠা:কুলাচল বধ.djvu/২৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৪
কুলাচল-বধ।


কতো বেলি ভঙ্গ দিল দানব পদাতি।
দশোদিশে ভাগে মহাভয় পায়া আতি॥
বপু সুত বদতি শুনিয়ো মুনিবৰ।
আছে সেনাপতি তাৰ সবাতে অপৰ॥
নাম তাৰ পঞ্চাসুৰ বীৰ মধ্যে সাৰ।
পুৰ্ব্বে সিদ্ধ মুনি নাম আছিল তাহাৰ॥
মহাবৰ পায়া আছে দেবতা সবত।
ত্ৰিদশক ৰাখি আনি দৈত্যৰ ভয়ত॥
যেবে পৃশ্নি মাধবে দৈত্যক বধ কৈলা।
তেবে সিদ্ধ মুনি পাত্ৰ নিজ স্থানে গৈলা॥
ঋষি শাপে নাম পায়া আছে পঞ্চাসুৰ।
ৰণত জিনিবে সিটো পাৰে সুৰাসুৰ॥
সিংহৰ বাহন তাৰ দেখি ময় মত।
হেন বীৰ আছে কুলাচলৰ লগত॥
কোনে কহিবাক পাৰে তাহাৰ মহত্ব।
যুজিবাক সিটো কৰিলেক অভিমত॥
ধনু ধৰি মহাবেগে সিংহক ডকাই।
পাৰিষদ সেনাৰ মাজত পশি যাই॥
যেন বৃত্ৰাসুৰে পুৰ্ব্বে দেব সৈন্যে পশি
প্ৰচণ্ড আন্দোলে লগাইলেক ধসমসি॥