পৃষ্ঠা:কুলাচল বধ.djvu/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৩
কুলাচল-বধ।

সেহি বেলা দানব মৰিল যত যত।
তাক নিলিখিলো আরু সংক্ষেপ পদত॥
দানবৰ সেনাগণ অসংখ্য পড়িল।
মহা ভয়ানক যম নগৰ ভৰিল॥
তথাপিতো পাছ ভৰি দানবে নকৰে।
আগ বাঢ়ি আসে চক্ৰধাৰে কাটি মাৰে॥
চাৰি যোজনৰ পথ আগ বাঢ়ি আইল।
মাধৱৰ সৈন্য মানে পাছ হোসকাইল॥
হেন দেখি দানব বাজাৰ মন ৰঙ্গ।
আগক চলিল লৈয়া নিজ প্ৰজাসঙ্গ॥
যেন মহা মেঘ খণ্ড দেখিয়া তাহাক।
খেদি লৈয়া যাই চতুৰ্ভূজ সেনাজাক॥
তিনি প্ৰহৰৰ অন্তে আছা নাৰায়ণ।
পাছ গুচি চলে তান মহা সেনাগণ॥
কতো বেলি পাৰিষদ সেনা ঝিঙ্কৰিল।
আন্দোল কৰিয়া শৰ হানিবে লাগিল॥
হানে চক্ৰ অসি গদা পৰশু ত্ৰিকণ্ট।
তথাপিতো দানবৰ নাহি কটগট॥
বিঙ্গাৰাৱ কৰি সবে আটাস পাৰয়।
চক্ৰহানি পাৰিষদে দানব কাটয়॥

২২