এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫২
কুলাচল-বধ।
ৰাজাৰ বচন হেন শুনিয়া প্ৰখৰ।
একে বাৰে ধাইলেক দানব নিৰন্তৰ॥
অসংখ্যাত গজ বৃষ মেষ সিংহ যত।
বাঘ ঘোঙ্গে ধাৱে কতো উঠি শৃগালত॥
নসহে ধৰণী খণ্ড আন্দোল আৰাৱে।
টলবল কৰে সবে যেন মহাবাৱে॥
মাধবৰ সেনাক ঢাকিলে আতিশয়।
দেখি তাৰা সবো কিছু পাইলা মহাভয়॥
বোলে আমৰাক জানো কৰে বুন্দামাৰ।
বেঢ়িয়া ধৰিল বৰে দানব অপাৰ॥
হানে কাণ্ডে খাণ্ডে জাঠি গদা মুদ্গৰ।
পৰশু মুষল ভিণ্ডীপাল শূল শৰ॥
ঝাকে ঝাকে পড়ে কিছু পৰিমিত নাই।
শৰ হানিবাক কেৱে শ্ৰুতিক নপাই॥
পাছ গুচি চলে কতো পলাৱে লৱৰি।
চাৰি দণ্ডমান পথ গৈলা দড়গড়ি॥
দেখি হেন প্ৰচণ্ড দারুণ সেনাগণ।
মহা পাৰিষদগণে জপাইলেক ৰণ॥
সাৰঙ্গ ধৰিয়া চক্ৰবাণ নিৰন্তৰ।
হানিবে লাগিলা খৰতৰ কৰি বৰ॥