পৃষ্ঠা:কুলাচল বধ.djvu/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫১
কুলাচল-বধ।

মেঘাসুৰ দানবে কৰিয়া মহাখঙ্গ।
পাৰিষদ গোটত মোহোৰ হেন ভঙ্গ॥
এহি বুলি গদা মুগ্দৰ ধৰি কৰে।
দেৱ দিয়া যান হন্তে নামিয়া সত্বৰে॥
জয়ন্ত বীৰৰ বেগে সন্নিত চাপিলা
মুদ্গৰ তুলি বেগে কোব এক দিলা॥
দেৱ দিয়া জয়ন্তে অন্তৰি বেগ কৰি।
ছেদিলেক শিৰ তাৰ চক্ৰপাট ধৰি॥
মেঘাসুৰ বীৰ গৈল যমৰ সদন।
আনো পাৰিষদগণে জিনিলেক ৰণ॥
পক্ষিগণে বোলে মুনি শুনা যেন মত।
অসংখ্য দানব বীৰ পড়িল ৰণত॥
হুসকিয়া গৈল আনো বীৰগণ যত।
বহিবে নপাৰি পাৰিষদৰ আগত॥
কতো দূৰে আছে কুলাচল দৈত্যৰাই।
দেখে বীৰগণ মানে বিভঙ্গে পলাই॥
পাৰিষদগণে মহাবেগে খেদি যাই।
বোলে সেনাপতিগণ কিবা আছ চাই॥
হেৰ দেখ সৈন্যগণ বিভঙ্গে ভাগয়।
তাহাক দেখিয়া কেনে ৰঙ্গিয়া আছয়॥