পৃষ্ঠা:কুলাচল বধ.djvu/২৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫০
কুলাচল বধ।

ঢলো পড়ো কৰি যেবে খানিক আছিল।
স্বস্থ হুয়া ব্ৰহ্মদত্ত বাণ প্ৰহাৰিল॥
পড়িল সন্ধানে শৰ অতিশয় টান।
কঙ্কালতে কাটি তাক কৰিলা দুখান॥
যান গোট কাটি মহা সিংহনাদ কৰি।
দানবক জিনিয়া থাকিলা ধনু ধৰি॥
সুনন্দক দুৰ্ম্মদে ঢাকিলে শৰ কৰি।
খানিতেক মানে বীৰে ৰৈলা ধনু ধৰি॥
সাৰঙ্গ ধনুক বীৰে ধৰি টঙ্কাৰিল।
নাগ মুখ তিনি পাট শৰ প্ৰহাৰিল॥
বিম্বাদ শবদে তাৰ পড়িল হিয়াত।
পিঠিত সৰকি হাড় জাম্ভিলা তাহাত॥
চিত দিয়া বেগ টানে উফৰি পড়িল।
মৰিল দানব গোট পৃথিবী লড়িল॥
আৰু শৰে তাৰ মৃগ যানক ছেদিল।
পাৰিষাদ সুনন্দে দুৰ্ম্মদ বিনাশিল॥
চম্পুকণ্ঠে জয় পাৰিষদক হানিল।
মহা ৰাগে হৰিদাসে তাক ৰণশিল॥
চক্ৰবাণ হানি তাৰ ছেদিলন্ত শিৰ।
ৰণত বিজয় ভৈল জয় মহাবীৰ॥