পৃষ্ঠা:কুলাচল বধ.djvu/২৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৯
কুলাচল বধ।

আৰ বাৰ তাক শৰ কৰিবে নেদিল।
নাৰায়ণ স্মৰি মহাশৰ প্ৰহাৰিল॥
প্ৰকাশিত কৰি দিশ শৰ বহি যাই।
কাটিয়া পেলাইলা তাৰ শিৰ ঝটৰাই॥
আরু তাৰ বৰাহ যানকো কাটিলন্ত।
কুমুদ যে পাৰিষদে ৰণ জিনিলন্ত॥
অনন্তৰে নন্দকে কৰিয়া কোপবৰ।
মিত্ৰাক্ষক প্ৰহাৰ কৰিলা ঘোৰ শৰ॥
সন্ধান সহিল তাত নটলিল মতি।
অতিবেগে শূল হানিলেক তাঙ্ক প্ৰতি॥
বহি যাই শূলপাট অগনি উধাই।
ডাক দিয়া বোলে অৰে তোৰ প্ৰাণ যাই॥
দেখিয়া নন্দকে মনে কিছু চমকিল।
হৰিক সুমৰি খুৰবাণ প্ৰহাৰিল॥
আকাশত খুৰবাণে তাক লাগ পাই।
খণ্ড খণ্ড কৰি তাক কাটিবে লগাই॥
দেখিয়া মিত্ৰাক্ষে পুনু হানি দশ শৰ।
পাৰিষদ নন্দকক ভেদিল সত্বৰ॥
গোবিন্দৰ পাৰিষদে চোট পাইলা টান।
হৰি সেবা নিমিত্তে সে নগৈলেক প্ৰাণ॥