পৃষ্ঠা:কুলাচল বধ.djvu/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪৮
কুলাচল-বধ।


মৎস্য মকৰ কশ্যপৰ হুল স্থুল।
অনন্তৰো হুসকিল নিষ্কম্প লাঙ্গুল॥
অন্ধকাৰে ৰহিলেক দেবাসুৰ চয়।
মিলিল প্ৰলয় ব্ৰহ্ম সৃষ্টি নষ্ট হয়॥
বৰিষয় শৰ কাৰো নাহি ভঙ্গজয়।
পাৰিষদে জিনে কিবা দানবে জিনয়॥
এত হন্তে পাৰিষদগণ বলিয়াৰ।
আৰাৰ শকতি বল সবাহাতে চাৰ॥
মাধবৰ পাৰিষদ পৰম গহন।
আসম্বাৰ সমান হৈবেক কোন জন॥
অনন্তৰে কুমুদে সাৰঙ্গ টানি ধৰি।
চাৰিগোটা শৰ মাৰিলন্ত লক্ষ কৰি॥
শুদ্ধ জিতে চাৰিয়ো শৰক বিনাশিলা।
দেখিয়া কুমুদে পুনু শৰ ঝাক দিলা॥
নাকে মুখে তাহাৰ ভেদিলা ঘোৰ বাণ।
কিটাইল দানবে পায়া দারুণ সন্ধান॥
তিনি যুগে অবধ্য দানব মানুষিয়া।
কুমুদক মহাশৰে থৈলেক শালিয়া॥
চোটপায়া কুমুদে তুলিয়া ধনুবৰ।
গুণত যুৰিলা আনি নাৰায়ণ শৰ॥