পৃষ্ঠা:কুলাচল বধ.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
কুলাচল-বধ৷

ত্যজি আন কাম, বোলা ৰাম ৰাম
 জনম নকৰা বৃথা॥০॥

⸻০⸻

ধুম্ৰাক্ষৰ যজ্ঞ স্থানলৈ গমন এবং
অগস্তি মুনিৰ লগত যুদ্ধ।

পদ।

পাত্ৰ সবে কহে কথা শুনা যুবৰাই।
মহা মহা মুনিগণে যজ্ঞ প্ৰবৰ্ত্তাই॥
তোমাৰ কাহিনী কহি খুজিলোহোঁ অন্ন।
নিদিলেক অন্ন বুলিলেক কুবচন॥
বোলে হৰি পূজা অৱশেষ হোৱা নাই।
অৱশেষ দ্ৰব্য হলে তেহে দিবে পাই॥
যত ষড়ৰস পঞ্চামৃত দ্ৰব্যচয়।
আচোক মনুষ্য দেবতাও নপাৱয়॥
গন্ধে আমোদিত ক্ষুধা তৃষ্ণা তাৰ হৰে।
ঈশ্বৰে অৰ্পিত কৰিলেসে দিবে পাৰে॥
হেন শুনি কুমৰৰ ক্ৰোধ ভৈলা মন।
ৰাজাৰ কুমৰ আতি পৰম দুৰ্জ্জন॥