পৃষ্ঠা:কুলাচল বধ.djvu/২৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪৭
কুলাচল-বধ।


মিত্ৰাক্ষে নন্দক হানে ঢাকি নিৰন্তৰ।
সিবিমুক্ষ বিজয়ৰ লাগিল সমৰ॥
চম্পূকণ্ঠে জয়ে কৰুে দারুণ সন্ধান।
মেঘাসুৰে জয়ন্তে প্ৰহাৰে বিদ্যমান॥
এহিমতে আনো মহা বীৰগণ যত
হনাহনি কৰে সবে ঘোৰ সমৰত॥
বপুসুত বদতি শুনিয়ো মুনিবৰ।
সেহিবেলা ভয়ঙ্কৰ মিলিল সমৰ॥
পৰম বলিষ্ঠ পাৰিষদ গোবিন্দৰ।
শাৰঙ্গ টঙ্কাৰি বেগে বৰিষয় শৰ॥
সত্যৰ বৃত্তিত আছে দানব সকল।
তিনি যুগ বহি গৈল টুটে নাহি বল॥
সবে পৰাক্ৰমী শৰশ্ৰমী অতিৰেক।
জানে বহুতৰ ৰণ সন্ধান এত্যেক॥
তাসম্বাৰ মহাশৰ পায়া ৰবিগণ।
নিস্প্ৰভ ভৈলেক ৰবি নবহে পৱন॥
সহিবে নপাৰি ভাৰ দিগজ সকলে।
জানুপাৰি বহিলেক ধৰণীৰ তলে॥
ইতিতি উঠয় বহি কৰে টলবল।
খলকি সাগৰ সবে বিকলিল জল॥