পৃষ্ঠা:কুলাচল বধ.djvu/২৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪৫
কুলাচল-বধ।

তোমাৰ চৰণে,   পশিলোঁ শৰণে,
মন পু মহেশ্বৰ॥
ভাৰত ভূষণে,   কৰে কাউ বাউ
নেৰিবা মোক মৰণে।
তেজি আন কাম   বোেলা ৰাম ৰাম
সভাসদ যত জনে॥

⸻০⸻

পদ।

কৰ যোৰ কৰি পাছে জৈমিনি পুচন্ত।
মিলিল সংশয় মোৰ চাৰিয়ো মহন্ত॥
যিটো প্রজাগণ ধর্ম্ম ময় তনু হয়।
বিষ্ণুৰ লগত সৰে মুখতে আছয়।॥
তাৰাসৰ কিকাৰণে আসিয়া ৰণত।
দানৱৰ হাতে মৰি উঠি বিমানত॥
অক্ষয় বৰ্শক কেনে কৰিলা গমন।
ইহাক শুনিয়ে বৰ উত্ৰাৱল মন॥
হেন সব কথা মন কেৰে নানয়।
তোমৰাৰ মুখে বা বৈবাক লাগয়॥
শুনি ৰপুনুতে হেন প্ৰশ্ন মনোময়।
কহিবে লাগিলা পুৰাতন কথায়॥