পৃষ্ঠা:কুলাচল বধ.djvu/২৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪৪
কুলাচল-বধ।


আকাশক এড়ি,  বিমানে উধিয়া,
 গৈল সিদ্ধ বিদ্যাধৰ॥
মেঘৰ অৰত, লুকিয়া ৰহিল,
 দশ দিগপালগণ।
সহিবে নপাৰি, পৰিষদ সেনা,
 ভাগিলেক তেতিক্ষণ॥
কতোহো পলাৱে,  কতো হোসকিয়া,
 যাবে শত সহস্ৰেক।
সহিবে নপাৰি, মুক্ষ চৌধজনে,
 অন্তৰে গৈলা প্ৰত্যেক॥
চতুৰ্ভুজ সৈন্য,  যতেক পড়িল,
 তাৰ সীমা সংখ্যা নাই।
তাৰ শৰে পড়ি,  দিব্য বিমানত,
 চড়িয়া স্বৰ্গক যাই॥
অক্ষয় স্বৰ্গত, বহিলন্ত সবে,
 কৰিয়া মনে ইচ্ছিতি।
পক্ষীৰ বাক্যত, মিলিল সংশয়,
 জৈমিনিৰ মনে আতি॥
নমো নাৰায়ণ, ভয় বিনাশন,
 ভকতৰ দুঃখ হৰ।