পৃষ্ঠা:কুলাচল বধ.djvu/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪৬
কুলাচল-বধ।


অৰ্যোধ্যাবাসীয়ে নৰ শৰীৰে সহিত।
আছয় স্বৰ্গত সুখ ভুঞ্জি বিপৰিত॥
নৰ শৰীৰেৰে স্বৰ্গ ভুকুতি ভুঞ্জয়।
ইটো অতি আচৰিত কথা বিপৰ্যয়॥
আন মতে স্বৰ্গে গতি কৰিতে নাপাৰি।
যাতো লগে নিলা প্ৰভু ঈশ্বৰ মুৰাৰি॥
সিকাৰণে দানৱৰ হাতত মৰাইল।
পূৰ্ব্ব দেহা এৰি পুনু স্বৰ্গক চলিল॥
অক্ষয় স্বৰ্গত ৰৈলা মহা ভোগ্য পাই।
কহিলো প্ৰশ্নৰ কথা ইটো মুনিৰাই॥
অনন্তৰে পাৰিষদে হুয়া বিমোহিত।
হুসকিয়া গৈলা শৰপায়া বিপৰিত॥
মহিষ ৰখত সিটো মহাবেগ ধৰি।
যেন অন্তকালে রুদ্ৰে প্ৰজা ক্ষয় কৰি॥
দেখি পাৰিষদে পুনু ধাইলা খৰতৰে।
নিৰন্তৰে প্ৰহাৰ কৰিলা ঘোৰ শৰে॥
মাৰিলা অনেক দানবৰ সেনাগণ।
দেকি মহা বীৰগণে ৰূপাইলে ৰণ॥
শুদ্ধজিত মন্ত্ৰীয়ে কুমুদ পাৰিষদে।
সুনন্দক প্ৰহাৰিলা দানৱ দুৰ্ণ্মদে॥