পৃষ্ঠা:কুলাচল বধ.djvu/২৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪৩
কুলাচল-বধ।


সৰ্বত্ৰ দয়ালু, কারুণিক ভাব,
 সবাতে অতিপীৰিত॥
এহিমতে আনো,  বাক্য বুলিলন্ত,
 কুলাচল ৰাজা তয়।
তাহাক নুশুনি, পাৰিষদ চয়ে
 মহাশৰ বৰিষয়॥
হেন দেখি পাছে,  ৰাগি দৈত্যপতি,
 মনত কৰি আক্ৰোশ।
ইসৱক আজি,  ৰণত সেকিবোঁ,
 নথাকোক মোৰ দোষ॥
এহি বুলি বীৰে, মহিষ ৰথত,
 দিব্য ধনুখান ধৰি।
মহাশৰ চয়, প্ৰহাৰিবে লৈলা,
 আতি সিংহনাদ কৰি॥
অতি খৰোত্তৰে, আকাশৰ পৰা,
 পড়ে মহা অস্ত্ৰগণ।
যেন মহামেঘে, প্ৰলয় কালত,
 কৰে মহা বৰিষণ॥
মহানাদ কৰি  গৰ্জ্জে দৈত্যবৰে,
 ভয় ভৈল সুৰনৰ।