পৃষ্ঠা:কুলাচল বধ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
কুলাচল বধ৷

তিলৰ কুশৰ, অধিকাৰ মাত্ৰ,
 পাছে দুঃখ পালে দিবা॥
যদি দিবা সবে, শীঘ্ৰকৰি দিয়ো,
 পালটি চলোহোঁ আৰ।
পাছে বেদ শ্ৰুতা, ব্ৰাহ্মণে বোলয়,
 দম্ভবাক্য শুনি তাৰ॥
শুন নৰাধম, নুবুঝ নিয়ম,
 হৰি পূজা দ্ৰব্যচয়।
ঈশ্বৰে ভুঞ্জিলে, অৱশেষ ভৈলে,
 তেবে দিবে যোগ্য হয়৷
কৈৰ কৰ্ণদত্ত, ৰাজাৰ কুমৰ,
 কথা কহ ইটো ঠাই।
তেহে ক্ৰোধ কৰি, আমা সবাহাৰ,
 উড়য়াইবে কিবা ছাই॥
হেন বাণী শুনি, ৰাজ পাত্ৰ সবে,
 পালটিলা দুঃখ মনে।
ৰাজপুত্ৰ আগে কহিলা সমন্তে,
 দেখিল মুনি নমানে॥
শুনা সভাসদ, হুয়া নিশবদ,
 বনপৰ্ব্ব পুণ্যকথা।