পৃষ্ঠা:কুলাচল বধ.djvu/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৭
কুলাচল বধ।

বোলে কিনো দুৰ্ম্মদ দানব সেনাগণ।
ভালেতো পাণ্ডবে আত হাৰিলেক ৰণ॥
সিদ্ধ শৰীৰৰ পৰিষদগণ যত।
তাসম্বাকো গণাগণ নকৰে মনত॥
এহি মতে কহে কথা সিদ্ধ বিদ্যাধন।
শুনা মুনিবৰ আৰু কথা আতপৰে॥
কুলাচল ৰাজা পাছে নগৰ বজাইল।
চাৰিয়ো দিশক পাছে চক্ষু বলাই চাইল॥
পক্ষী পড়িবাৰো সন্ধি নেদেখিল আৰ।
চতুৰ্ভূজ সেনা দেখি লাগে চমৎকাৰ॥
মনত বোলয় মোৰ মিলিল মৰণ।
কিনো অদভূত ইটো দেখে সেনাগণ॥
আমি বাৰু ঢাকি আছোঁ ঘোৰ সমৰত।
এগোট নাহিকে দেখো আহাৰ লগত॥
যেহিকি নোহক তভো কৰিবোঁ সমৰ।
বিষ্ণু হাহত মৰি হৈৱোহোঁ অমৰ॥
কাতবা ভাগ্যেসে পাইলো ইসষক লাগ।
মোক হৰি মৰিৰন্ত মিলিলেক্ষ ভাগ॥
বৈকুণ্ঠে চলিবো নাৰায়ণ হাতে মৰি৷
মোৰ কৃপা কৰি জানো আসিলন্ত॥