পৃষ্ঠা:কুলাচল বধ.djvu/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৮
কুলাচল-বধ৷

মই মহাদ্ৰোহ কৰি আছো গুরুতৰ
মহন্তক কৰিহোঁ বৈলক্ষ ভয়ঙ্কৰ৷৷
এহি মতে তাৰ অতি সুজি মিলিল।
হৰিৰ হাতত মৃত্যু নিশ্চয় কৰিল৷৷
উলটি গৃহত পশি লৈয়া মন্ত্ৰি গণ।
পুত্ৰ দুইক আনিয়া দিলেক সিংহাসন৷৷
অভিষেক কৰিলেক পুৰ্ব্ব ব্যবহাৰে।
শিখা লেক যত ৰাজনীতি নিৰন্তৰে৷৷
দুঃশৰীৰ পুত্ৰক পাতিলা দৈত্যেশ্বৰ।
দুমন্তক যুৱৰাজ থাপি অনন্তৰ৷৷
ৰজাইলা ৰণক আতি যম যম কৰি।
ৰথে উঠি হাতে মহা ধনুশৰ ধৰি৷৷
দেখা মুনিবৰ কেনে কৃপা ঈশ্বৰৰ
দুৰ্জ্জনৰো নুবুদ্ধি বড়ান্ত দামোদৰ৷৷
কোননো কৃফআলউ আছে কৃষ্নত বিনাই৷
ৰক্ষ দানবকো প্ৰভু তাৰন্ত গোঁসাই৷৷
হেন, জানি মুনিবৰ কৰিয়ো যতন৷
আৰু যেন নপাসৰা তাহান চৰণ৷৷
নমো দ্বৈপাৱন গুরু বিপ্ৰরূপ হৰি৷
তোমাৰ কৃপাক আমি আছো আশা কৰি