পৃষ্ঠা:কুলাচল বধ.djvu/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৬
কুলাচল-বধ।

পুনৰপি আরু সবে দানবে খঙ্গিল।
দুই জন পাৰিষৰে নিসন্ধি ঢালিল॥
অবধ্য শৰীৰ দুইৰো নাই ক্ষতি ক্ষুণ।
চাৰন্তেসে যাই বল আৰকা দুগুণ॥
পৰম আটোপে অতি ধৰি ধনু শৰ।
কাটিবে লাগিলা দানবক নিৰন্তৰ॥
তাত পাছে আরু চাৰি পাৰিষদে ধাইলা
দানবৰ বীৰগণ জণ্টায়া ৰহিলা॥
কাটিবে লাগিলা নাৰায়ণ শৰ ছানি।
দানৰ গৈলে যেন তুলাত অগনি॥
দানব দলক দহি কৰিলেক ছুন্ন।
মৰিল বহুত কুলাচল সৈন্যগণ॥
পাছগুচি যাই সবে পায়া ভয় বৰ।
ৰিজপাৰি হাসে পাৰিষদ নিৰন্তৰ॥
সবে চতূৰ্ভূজ সেনা কৰে সিংহনাদ৷
দানব গণৰ বৈল পৰম বিষাদ॥
প্ৰাণক টাঙ্কিয়া তথাপিতো কৰে ৰণ৷
পৰশু সুবল শূল কৰে বৰিষণ॥
প্ৰাণান্তিকো সানবে নকৰে পাছ ভৰি৷
দেখি দেবগণে নুমৰত্ন হৰি হৰি॥