পৃষ্ঠা:কুলাচল বধ.djvu/২৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩২
কুলাচল-বধ।


চাৰি ভিতি দেখিলেক সেনা নিৰন্তৰ।
পাৰিষদ সেনাগণ যেহেন সাগৰ॥
ৰথে চড়ি প্ৰকাশ কৰয় কুলাচল।
ঝিঙ্কৰি উঠিলা পাৰিষদ সেনা বল॥
মাহুতে খুঞ্চিল ডাঙ্গ মাৰে কোব হানি
মাধবৰ সেনাক মাৰিবে লৈলা চানি॥
হেন দেখি মহা বেগে যত বীৰচয়।
দানবৰ সেনা হস্তী পেসে যমালয়॥
অসংখ্য হাজাৰ গজ কাটিলেক জুৰি।
তথাপিতো দানবে নকৰে পাছ ভৰি॥
হুসকি চলয় চাৰিভূজ সেনাগণ।
জয় জয় হৰি ঘোষ ঘোষে ঘনে ঘন॥
হেন দেখি নন্দক বিজয় মহাবলী।
হস্তিগণ কাটি মাৰি লৈযান্ত নিডলি॥
দুই বীৰে কাটিল মাহুত হস্তী যত।
কতেক্ষ কহিবোঁ ইটো সংক্ষেপে পদত॥
হেন দেখি দৈত্যসব থমকি ৰহিল।
পাছ গুটি হস্তী সব পলাইৰে লাগিল॥
পাৰিষদ দুই প্ৰহাৰয় শৰছয়।
কতো শুণ্ড ঠেঙ্গ কতো মাহুত কাটয়॥