পৃষ্ঠা:কুলাচল বধ.djvu/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৩
কুলাচল-বধ।


বাগৰি পড়য় কতো আধাকটা হই।
ডেৱ দিয়া কতো গোট লৱড় মাৰই॥
কতো হস্তী আটাস পাৰয় গুরুতৰ।
বাগৰয় চাৰি ঠেঙ্গ কৰিয়া ওপৰ॥
অধাকটা সেনা কতো ভুমিত বাগৰে।
অস্ত্ৰ শস্ত্ৰ এড়ি কতো ধৰফৰ কৰে॥
এড়ে মুত্ৰ মল কতো লাগি বগুৱাই।
ৰঙ্গে পাৰিষদ সেনাগণে আছে চাই॥
পক্ষিগণ বদতি শুনিয়ো মুনিবৰ।
মিলিল প্ৰলয় ঘোৰ দানব দলৰ॥
দুই পাৰিষদে হস্তিষুথ ভঙ্গাইলন্ত।
অনন্তৰে সৈন্যৰ বেহুত পশিলন্ত॥
পাৰিষদ দুইৰ মহা দেখিয়া বিক্ৰম।
দানবে বোলয় ইটো তুই কালযম॥
এহি বুলি লাগিলেক ভয়ঙ্কৰ ৰণ।
আকাশ চানিয়া আসিলেক দেৱগণ॥
ইন্দ্ৰ চন্দ্ৰ বায়ুবহ্ণি বরুণ কুবেৰ।
সিদ্ধ বিদ্যাধৰ আরুচানৰ কিঙ্কৰ॥
আকাশ চানিয়া সবে কৰে হৰিবৰ।
শুনি পাৰিষদ সব পৰম উৎসব॥