এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩১
কুলাচল-বধ।
কৃপালু ঈশ্বৰ হৰি ৰাখিবে তেখন।
তাহান সেবাত নিস্তৰিবে পিতৃগণ॥
পুত্ৰৰ বচন হেন শুনি কুলাচল।
ঘৃত দানে যেন আতি জ্বলিল অনল॥
শুন’অৰে অধম পামৰ পুত্ৰ তই।
বিষ্ণুত শৰণ লৈবোঁ হেন কহ মই॥
কাটিলোহোঁ হস্তে বহি থাক ইবেলাত।
পালটি আসিয়া কৰিবোহোঁ স্কন্ধপাত॥
এহি বুলি দুৰাচাৰ তথা নৰহিলা।
খৰতৰ বেগে আসি ৰথত উঠিলা॥
চল চল বুলি সৈন্য-চলাইলেক ধাই।
চতুৰ্ভূজ সেনাগণে আছন্ত ঝন্তাই॥
চাৰিয়ো কাষৰে বেঢ়ি কৰন্ত জোকাৰ।
সাগৰ গৰ্হন সেনা দেখি চমৎকাৰ॥
গজ যুথ সহিতে দানব বীৰ যত।
মহা আৰক্ষতি কৰি প্ৰবেশে ৰণত॥
বিংশতি অযুত গজ মহা ভয়ঙ্কৰ।
ভাঙ্গ কোবাই পাৰিষদ পেশে যমঘৰ॥
অস্ত্ৰে শস্ত্ৰে নপাৰে একোৱে ভেদিবাক।
কোবাই মাৰয় সবে বিপক্ষ সেনাক॥