পৃষ্ঠা:কুলাচল বধ.djvu/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩০
কুলাচল-বধ।


অন্তেষ পুৰত কুলাচলে প্ৰবেশিলা।
মাতৃ সকলক প্ৰদক্ষিণে প্ৰণামিলা॥
পত্নী সমুহক প্ৰিয় বচন বুলিলা।
বিষ্ণু সমে আমৰাৰ কন্দল মিলিলা॥
দুশৰীৰ দুমৱন্ত দুই পুত্ৰবৰ।
পৰম স্নেহৰ দুই জৱঞ্জত কুমৰ॥
দুই হস্তকো চুম্বন কৰিয়া প্ৰণামিলা।
তাৰা দুই বাপৰ চৰণে প্ৰণামিলা॥
দুশৰীৰে বাপেকক বুলিলা বচন।
কিকাৰণে পিতৃ মাধবক কৰা ৰণ॥
জগতৰ নায়ক ভক্তৰ প্ৰিয়কৰ।
সুৰাসুৰ সবাহানে তেহন্তে ঈশ্বৰ॥
তাহাঙ্ক যুঝাহা তুমি কিসৰ কাৰণ।
তাহান বিৰোধে তযু মিলিবে মৰণ॥
যদি বোলা যিটো ৰণে সাজি আসিছয়।
তাক ক্ষমা কৰিবাক কিসক লাগয়॥
ভকত বৎসল প্ৰভু দেৱ নাৰায়ণ।
শৰণ পশিলে তুষ্ট হৈৱন্ত এখন॥
হেন জানি বাপ তুমি মোৰ বোল কৰা।
দান্তে খেৰ কামুৰি বিষ্ণুৰ পাৱে ধৰা॥