পৃষ্ঠা:কুলাচল বধ.djvu/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৯
কুলাচল-বধ।


হেন কথা শুনি পাচে কুলাচল যাই।
গৰ্জ্জিবে লাগিল ক্ৰোধে নয়ন ফুৰাই॥
শুন অৰে পাত্ৰ মন্ত্ৰী বীৰগণ যত।
আছল মনুষ্য মই মাৰিলোঁ ৰণত॥
মোৰ সেনা হস্তি ঘোৰা মাৰিলোঁ যতেক।
চাৰিগুটি মাত্ৰ মই মাৰিলোঁ প্ৰত্যেক॥
কিবা হানি কৰিলোহোঁ আমি মাধবৰ।
কেন হেতু আমাসাক জপাবে সমৰ॥
আমি কিছু অপৰাধ নকৰোঁ তাহাৰ।
তথাপিতো আমাক কৰয় অপকাৰ॥
বধিবোহো বিষ্ণুক আমাৰ দোষ নাই।
সেবককে স্বামীকে থৈবোহোঁ একে ঠাই॥
আনৰ আশায়ে জানো মোকো কৃষ্ণে চাৱে।
কুলাচল বীৰৰ সি নতু আটা পাৱে॥
দেখ দেখ বীৰগণ কিমত অণ্যাই।
আনৰ জ্বৰত আনজনে পানী খায়॥
সত্বৰে সাজিও যাওঁ বিলম্ব নকৰি।
পাৰিষদ বীৰ মানে.মাৰো বান্ধি ধৰি॥
ৰাজাৰ বচন হেন শুনি বীগণ।
গিৰিশাই সমাজ ভাঙ্গিলা তেতিক্ষণ॥