পৃষ্ঠা:কুলাচল বধ.djvu/২২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৮
কুলাচল-বধ।

বালক নিকালি ৰাজ্য দিলন্ত ইন্দ্ৰক॥
হেনসে মাধব ৰক্ষা কৰন্ত ভক্তক॥
আন চৰ্চ্চা নাহি কৰি ফুৰা এহি কাম।
যিটো জনে তাহান জপিয়া ফুৰে নাম॥
হেনয় হৰিক তুমি নজানা কিসক।
তাহান সেবক ঢালি আছা পাণ্ডবক॥
আটাস পাৰিয়া নাম ধৰি দিয়ে ডাক।
এতেকতে বিষ্ণু আসি ৰাখি ফুৰে তাক॥
অপূৰ্ব্ব মনুষ্য চাৰি হৰিৰ ভকত।
তাহাৰ লগত সদা ফুৰন্ত বনত॥
খাইবে পিন্ধিবাৰ কিছু নাহিকে উপাই।
তথাপি তাহাৰ লগে ফুৰে সৰ্ব্বদাই॥
এতেকেসে হৰি আসি আছে মায়া কৰি।
আমাক তোমাক সবে বিনাশিবে ধৰি॥
ভকতৰ শত্ৰুৰে তাহান শত্ৰু হয়।
ভকতৰ মিত্ৰে তান মিত্ৰ বুলি কয়॥
বপুসুতে বোলে কথা শুনা মুনিবৰ।
বেদৰ উত্তম বেদ উপনিষদৰ॥
বিমুকুত মন্ত্ৰীয়ে কহিলা কথা যত।
কহিলোহোঁ ইটো সবে তোমাৰ আগত॥