পৃষ্ঠা:কুলাচল বধ.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
কুলাচল-বধ৷

পৰম যতনে, হৰি পুজিবাক,
 থৈয়া আছে ব্ৰহ্মাদেবে॥
হেন থানে যায়, কুমৰৰ বাক্যে ,
 দেখি পাছে মন্ত্ৰিগণ।
ভূমি জানুপাৰি, কৰ যোৰ কৰি,
 বুলিবে লৈলা বচন॥
শুনা ঋযিলোক, তুমি সব অতি,
 বড় বড় মহাজন।
কৰ্ণ নৃপতিৰ, তনয় আসিছে,
 মৃগয়াক কৰিমন॥
ক্ষুধায়ে কাতৰ, তোমাৰ সবক
 খুজিছে অন্ন ব্যঞ্জন।
শীঘ্ৰকৰি আবে, দিবাক লাগয়,
 তাহান পুৰিয়া মন॥
বিশেষত তুমি, সব মহাজন,
 প্ৰাণীত আতি বিনীত।
ক্ষুধিত ৰাজাৰ, কুমৰক অন্ন,
 দিবাক হোৱে উচিত॥
নিদিলেও তাৰা, দণ্ডি কৰি নিব,
 তোৰা সবে কিকৰিবা।