সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৭
কুলাচল-বধ।

বৎসৰ স্নেহত যেন ধেনু নছাড়য়।
সেহি ভাৱে ভকতক ৰাখিয়া ফুৰয়॥
শুনি আছো ভক্ত পাণ্ডবৰ পাঞ্চো ভাই
বনে বনে ফুৰে তীৰ্থ ঋষি মুনি চাই॥
তুমি যাই তাসম্বাক ৰণত মাৰিলা।
ভক্তৰ স্নেহত হৰি যুদ্ধক আসিলা॥
পাণ্ডব পৰমভক্ত শুনিছো লোকত।
তান অৰ্থে আমাক মাৰিবে সমৰত॥
নৌউ শুনা বিষ্ণু ৰামৰূপে অবতৰি।
বনক চলিলা পিতৃবাক্য শিৰে ধৰি॥
বালি ও সুগ্ৰীব দুই ভাই মহাবল।
ৰাজ্যৰ নিমিত্তে ঘোৰ কৰয় কন্দল॥
বনত সুগ্ৰীবে লৈলা ৰামত শৰণ।
ভকতৰ অৰ্থে ৰামে গৈয়া তেতিক্ষণ॥
মহাবলী বালি ৰাজা এক পাট শৰে।
ভকতৰ পদে মাৰিলন্ত ৰঘুবৰে॥
বিষ্ণুৰ ভকত আরু বীৰ বিভীষণ।
তাঙ্ক ৰাজ্য দিলা মাৰি দুৰ্জ্জয় ৰাবণ॥
হৰিৰ সেবক সুৰপতি দেববৰ।
বামন স্বৰূপে বিষ্ণুত আসিয়া সত্বৰ॥