সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৬
কুলাচল-বধ।

হেন জানি বীৰগণ সেনাপতি চয়।
সাজিয়া চলিয়ো আজি মিলাইবোঁ প্ৰলয়॥
কোন শক্ৰ আমি তাৰ নাই চিন জনা।
তভো দন্দকিনি হৰি আসে কি কাৰণা॥
তাহান চৰ্চ্চাক আমি নকৰো কিঞ্চিত।
তথাপিতো আসে ধাৰে কিনো বিপৰীত॥
স্বপ্নতো যাহাৰ আমি নাম লোৱা নাই।
হেন বিষ্ণু কিকাৰণে আসে মোক ধাই॥
আবে মোৰ দোষ নাই দেব দেবী সাক্ষী৷
ভাল মন্দ তোমৰা সকলে আছা দেখি॥
বিমুকুত নামে এক মন্ত্ৰী আছে তাৰ।
আগ হুয়া বোলে সিটো কৰি নমস্কাৰ॥
শুনা দানবৰ নাহা বচন আমাৰ।
আমি একো দ্ৰোহ চিন্তা নাহিক তাহাৰ॥
ব্ৰহ্মা হৰি বিষ্ণু এহি দেব তিনিজন।
তিনি হন্তে হোৱে স্থিতি উৎপত্তি মৰণ॥
ব্ৰহ্মায়ে এক রুদ্ৰ দেৱে সংহৰন্ত।
সবাহানে মুখ্য দেব বিষ্ণুৱে পালন্ত॥
তাহান্ত ভকতি জানা কৰে যিটো জনে।
তাঙ্ক ৰাখি ফুৰা তেন্তে পৰম যতনে॥