পৃষ্ঠা:কুলাচল বধ.djvu/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৫
কুলাচল-বধ।

কাংশ পৰি জিম গৈল সকলে সমাজ।
মনে মনে গুণে কুলাচল মহাৰাজ॥
মোৰ মৃত্যু পক্ষ জানো মিলিলেক আসি।
কৈৰ চতুৰ্ভুজ সেনা পৰিল প্ৰকাশি॥
বিষ্ণুত বিনাই কাৰো চাৰি হাত নাই
মায়া কৰি আসে মোক মাৰিবাক লাই॥
ঋষি বৰ দিয়া আছে ইতিনি ভুবনে।
নগৰত মাৰিবে নপাৰে একো জনে॥
এহি হেতু আনকয়ে নকৰো সংশয়।
কিন্তু চাৰি হাতে সেনা আসিয়া আছয়॥
এতেকেসে মনে কিছু লাগিল বিস্মিত।
তথাপিতো যুদ্ধ কৰি ভঙ্গাইবোঁ তুৰিত॥
বপুসুতে বোলে মুনি শুনিয়োক তাত।
সবাকে শুনায়া ৰাজা বোলে তুলি হাত॥
শুনা পাত্ৰ মন্ত্ৰি সব এড়া আন মন।
মিলিল পাঠ হেৰা চলো এতিক্ষণ॥
কিন্তু আমি কাহাৰো বিৰোধ কৰা নাই।
কিবা হেতু বিষ্ণু আসে আমাসাক ধাই॥
নাহিকে বিবাহ কাকো নকৰো কন্দল।
মোক ধাৰে আসে কেনে বিষ্ণু মহাবল॥