পৃষ্ঠা:কুলাচল বধ.djvu/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৪
কুলাচল-বধ।

হেন মত কথা একো কানে নৌ শুনি।
চাৰিখন হাতে লোক দেখিয়াছা কোনি॥
হাতে হাতে দুতয় দুতয় শৰ চাপ।
কোনে সহিবাক পাৰে তাহাৰ প্ৰতাপ॥
বড় বড় বীৰে আসি ধাইলোঁ বড় ৰাগে।
ক্ষুদ্ৰ কি পতঙ্গ ভৈলো তাসম্বাৰ আগে॥
যিমান মাৰিলে লোক তাৰ মীমা নাই।
আমৰাৰ শৰঘাৱে ভুরু ভঙ্গ নাই॥
লুড়ি পুড়ি ভাঙ্গি মাৰিলে গ্ৰাম্য দেশ যত।
চাৰিভিতি ঝণ্টায়া ৰহিছে নগৰত॥
এক জনা এসে আরু সবাৰে মধ্যত।
মন্দৰ পৰ্ব্বত যেন পক্ষী উপৰত॥
ছত্ৰ ছামৰে অলঙ্কাৰৰ দীপিতি।
চাহিতে নপাৰি কোটি সূৰ্য্যৰ জেউতী॥
শঙ্খ সিংহানাদত লঙ্ঘিল স্বৰ্গ কোল।
জয় জয় কাটাসে নুশুনি মাত বোল॥
পক্ষিগণে বোলন্ত জৈমিনি মহাশয়॥
দিব্য সভা মাঝে সিটো পশিয়া আছয়॥
হেন কথা শুনি তাৰ সংশয় মিলিলা।
মহা মহা বীৰগণে চমকি ৰহিলা॥