পৃষ্ঠা:কুলাচল বধ.djvu/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৩
কুলাচল-বধ।


কুমন্ত্ৰী সকলে ৰাজা আগে বাখানয়
মহন্ত সবৰ অপৰাধ তুলিকয়॥
সবে ৰাজ্য নষ্ট যাই তাহাৰ বচনে।
তাহাক মানয় সত্য মূঢ় ৰাজাগণে॥
যদি জ্ঞাঁতা হৱে ৰাজা না চৰিবে তাক।
তাক কান্টি ৰাখিবেক ৰাজ্য আপোনাক॥
আনো নানা মতে কহিচন্তে ত্ৰিপুৰাৰি।
অল্পকৰি কহিলো বহুল্য পৰিহৰি॥
কহিলোহে মুনিবৰ তোমাত সাক্ষাত।
কুলাচল দানবৰ ভৈলা আয়ু পাত॥
কতিপয় দিন যেবে এথাতে আছয়।
গিড় গিড় শবদ মিলিল অতিশয়।
যাঠি প্ৰহৰৰ পথ প্ৰজায়ে যুৰিলা।
নদী গিৰি বন সবে ধুলি উঠি গৈলা॥
ৰাজ্যৰ প্ৰজাক মানে কৰিল বিঘাত।
আৰৱ কৰয় প্ৰজা কৰে উতপাত॥
অনন্তৰে কুলাচল ৰাজাৰ আগত।
ভগনিয়া লোকে শোকে কান্দয় তাৱত॥
দেখিয়ো গোসাঞি আসি পৰাঠ মিলিল।
ইটোমহা ৰাজ্যভাৰ তোমাৰ ভাগিল॥