পৃষ্ঠা:কুলাচল বধ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
কুলাচল-বধ

মৃকণ্ড মিহিৰ, মাৰ্কণ্ডেয় ধীৰ,
 কৌমুদকী মৃদুবহ॥
বৈশমপায়ন, আরু দ্বৈপায়ন,
 শুকদেৱ মতিমন্ত।
উতথ্য চ্যবন, শ্বেতকেতু নিত্য,
 বামদেৱ ঋতুমন্ত॥
কপিল কৰ্দ্দম, আস্তিক কমল,
 ভৰতাক্ষ ভৰদ্বাজ।
সমী যজ্ঞবাহু, যজ্ঞমালী কৃপ,
 বিষ্ণুমালী দেবৰাজ॥
এহি আদি কৰি, মুনি অপৰ্য্যন্ত,
 কৰ্ম্মআছে বহুতৰ।
একৈক নামত, শত পঞ্চাশত,
 কৰ্ম্মেসে কৰে অন্তৰ॥
এহিমতে সবে, ব্ৰহ্মবেত্তা যত,
 বিষ্ণুক কৰে পূজন।
প্ৰজাপতি পূৰ্ব্বে, নিৰ্ম্মিয়া আচন্ত,
 মহাপুণ্য স্থান খান॥
মহাগোপ্য থান, তাহাৰ ভিতৰ,
 পশিবে নপাৰে কেৱে।