পৃষ্ঠা:কুলাচল বধ.djvu/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১০
কুলাচল-বধ।

কৰিকৰ নিন্দি উরু জ্বলে অতিশয়।
দুখানি চৰণ পদ্ম ভক্তৰ আশ্ৰয়॥
ৰত্নৰ নুপুৰ ৰঞ্জে পৰম গহণ।
ভকত জনৰ তিনি তাপ বিনাশন॥
পৰম মোহন মূৰ্ত্তি হুয়াছে বিদিত।
পদতল ৰাতুল কোমল মনোনিত॥
তাতে পঞ্চ চিহ্ন জ্বলে দেখিতে উৎসৱ।
দেখিলা হৃদয়ে হেন ৰূপৰ বিভৱ॥
আখি মুদি আনন্দে ৰহিলা নৰবৰ।
ভৈলন্ত বাহিৰ দিব্য ৰূপ হৃদয়ৰ॥
অভ্যন্তৰে নেদেখিয়া নয়ন মেলিল।
পূৰ্ণানন্দ মাধৱক আগতে দেখিল॥
নয়নৰ নীৰ বহি যাই ধাৰা সাৰে।
প্ৰেমে গড গড তন্তি মাতিবে নপাৰে॥
কতোক্ষণ মানে পাছে চিত স্থিৰ কৰি।
কৰিবে লাগিলা স্তুতি হই কৰ যুৰি॥
নমো নমো পূৰ্ণ ব্ৰহ্ম কৃষ্ণ অধিকাৰ।
সৃষ্টি স্থিতি প্ৰলয় কটাক্ষে হোৱে যাৰ॥
যাৰ মায়া পাশে বন্ধ চৈধয় ভূবন।
হেনয় তোমাৰ পাৱে পাশিলোঁ শৰণ॥