পৃষ্ঠা:কুলাচল বধ.djvu/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৯
কুলাচল-বধ।


স্তুতি এড়ি কুন্তী সুতে চিন্তিবাক লৈলা।
নিজ রূপে কৃষ্ণ হৃদয়ত ব্যক্ত ভৈলা॥
শিৰত কিৰীটি শোভে কপালে তিলক।
মকৰ কুণ্ডল কৰ্ণে কুটিল অলক॥ *
শৰত চন্দ্ৰকো নিন্দি উজ্জল বদন।
অধৰ অরুণ দন্ত মুকুতা গঠন॥
ৰত্ন তিলফুল জিনি নাসা প্ৰকাশিত।
মদনৰ ধনু ভ্ৰূব দেখি হৰৈ চিত্ত॥
অরুণ নয়ণ চঞ্চৰিত মনোহৰ।
ৰূচিৰ চিবুক আতি দেখিতে সুন্দৰ॥
সিংহ বন্ধ স্কন্ধ গ্ৰীবে কৌস্তভ জ্বলয়।
হৰি গজমতি বনমাল বিৰাজয়॥
বহল হৃদয় উৰ্দ্ধ শ্ৰীবৎসৰ পান্তি।
উদৰত তিনি ৰেখা শোভে উদভ্ৰান্তি॥
আজানু লম্বিয়া জলে বাহু চাৰি খান।
শঙ্খ-চক্ৰ-গদা-পদ্ম আছে বিদ্যমান॥
ৰত্নৰ শলকা নিন্দি অঙ্গুলীৰ পান্তি।
ৰাকাহিমকৰ ৰত্ন অঙ্গুষ্টী বলস্তি॥
সুগম্ভীৰ নাভী বিধি জন্মিছা যাহাত।
পাট পীত ভূশি ৰত্ন মেখলা তাৱত॥