পৃষ্ঠা:কুলাচল বধ.djvu/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১১
কুলাচল-বধ।


ধ্যানতো নপাই যাক মহা যোগী চয়।
ভকত সকলে সদা তোমাক পাৱয়॥
তাম্ৰ কাশ সুবৰ্ণৰ শিলা মৃত্তিকাৰ।
প্ৰতিমা কৰিয়া যিটো আৰাধে তোমাৰ॥
সি সব ভকতে লাগ নপাৱে তোমাক।
শ্ৰৱণ কীৰ্ত্তনে মাত্ৰ পাৱৈ দেখিবাক॥
এতেকে ভকত সবে যশ কীৰ্ত্তনতে।
তোমাক কৰন্ত বশ্য জানিয়া সততে॥
যোগীৰো অগম্য তুমি ভক্তৰো বান্ধৱ।
সৰ্ব্ব ভাৱে তুমি ৰাখি ফুৰাহা মাধৱ।
আমি পাঞ্চ পাণ্ডৱ তোমাৰ নিজ ভৃত্য।
এতেকে আমাত নাথ নোহোৱা বিদিত॥
তুমি বিনে আমাৰ ৰক্ষক আৰু নাই।
কুলাচলে মাৰিলে মোহোৰ চাৰি ভাই॥
পক্ষীগণে বোলে আবে শুনিয়ো জৈমিনি।
ৰাজাৰ কাৰুণ্য হেন নাৰয়ণে শুনি।
পৰৰ সাদৰে তুলিলন্ত ধৰি হাত।
বোলন্ত উঠিয়ো ৰাজ সিজিব সমস্ত॥
আদি হন্তে আমাত কহিয়ো সবে কথা।
শুনি থিৰ ভৈলা যুধিষ্ঠিৰ মহাৰাজা॥