পৃষ্ঠা:কুলাচল বধ.djvu/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৮
কুলাচল-বধ।


তাৰিলা মাধৱে ভক্ত ৰাজা সমস্তক।
ৰাজসূয় যজ্ঞ যিটো কৰাইলা আমাক॥
শিশুপাল বধিয়া চিন্তিলা বন্ধ তাৰ
হেন হৰি চৰণত প্ৰণতি আমাৰ॥
শঙ্কট বিগ্ৰহে বনবাস দুৰ্গমত।
যিটো কৃষ্ণে ত্ৰাণ কৰি আছাহা সতত॥
ঘোৰ বঘাসুৰ বধে সংশয় মিলিল।
মহা যজ্ঞ কৰি নাথ তাতো উদ্ধাৰিলা॥
দুৰ্ব্বাসা সাগৰে তল যাও বংশে সমে।
তাতো ৰক্ষা প্ৰভু কৰিলাহা অনুক্ৰমে॥
ইবাৰো ৰাখিয়ো দেব পাঞ্চো পাণ্ডৱক।
জীয়ায়া ৰাখিয়ো প্ৰভু তোমাৰ ভৃত্যক॥
হে কৃষ্ণ কৃষ্ণ বৃষ্টি কুলৰ কমল।
ভকতে গাৱয় তযু চৰিত্ৰ অমল॥
তন্ত্ৰ মন্ত্ৰ পূজা কৰি তোমাক নপাই।
কেৱলে কীৰ্ত্তনে বশ্য হোৱা যদুৰাই॥
তুমি বিনে আমাৰ বান্ধৱ নাহি আন।
সোপনে সচেতে তোমাকেসে কৰোঁ ধ্যান॥
ধৰ্ম্ম পক্ষিগণে বোলে শুনা মুনিবৰ।
হেন মহা স্তুতি কৰিলন্ত নৃপবৰ॥