পৃষ্ঠা:কুলাচল বধ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
কুলাচল-বধ।

অঙ্গিৰা দেৱল, সনক সুনন্দ,
 গৌতম ভৃগু সাক্ষাত॥
দেৱল গৌৰাঙ্গ, মুনি ৱৈশ্বানৰ,
 সুভিক্ষু মধু মাধৱ।
অত্ৰি বিশ্বামিত্ৰ, ধৈৗম্য পৰাশৰ,
 গাধি হৰি মেধা জৱ॥
তপ গৌৰানন, মেধাতিথি চণ্ড,
 হৰিপদ বিষ্ণুপদ।
দুৰ্ব্বাসা বশিষ্ঠ, ভৰদ্বাজ শিষ্ট,
 মাণ্ডবী দেৱমহদ॥
অগস্তি ভাগুৰি, ভাৰ্গব আমিয়ো,
 আছিলোহোঁ যজ্ঞমাঝ৷
জামদগ্নী মিত্ৰ, ধৰ্ম্ম পৰাজিত,
 চণ্ডবেগ মুনিৰাজ॥
গৰ্গ জৰাসন্ধ, কলু হৰিচন্দ্ৰ,
 হৰবিন্দ মধুব্ৰত।
সৌবল শান্তানু, মুনি জয়ভানু,
 অষ্টাবক্ৰ মনুৰত॥
দধ্যঞ্চি কুভাণ্ড, ঋষ্যশৃঙ্গ দণ্ডী,
 পুলস্তি নাভি পুলহ।