পৃষ্ঠা:কুলাচল বধ.djvu/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৩
কুলাচল- বধ।


অশ্বিনী কুমাৰে তাক জীৱাইবে পাৰিব।
বিশল্যকৰণী কৰি শৰীৰ জাৰিব॥
শশধৰ বচন প্ৰশংসা সবে কৰি।
দেৱক বোলন্ত ইন্দ্ৰে বচনে সাদৰি॥
শুনা দেৱ সব মোৰ মনৰ আশয়।
দ্বাৰকাক যাউক ঋষি ব্ৰহ্মাৰ তনয়॥
যেন মতে কুলাচল দানব মৰয়।
কৃষ্ণৰ আগত তাক কহিবে লাগয়॥
পৰম দপিষ্ট অগস্তিৰ বৰ দানে।
কৃষ্ণ বিনা তাহাক বধন্তা নাহি আনে॥
পাণ্ডৱৰ মৃত্যু কুলাচল বধ কাজ।
তাক যেবে আপুনে কৰন্ত যদুৰাজ॥।
ইটো কথা মুনিবৰে কহিয়োক যাই।
যেন লাগে কৰন্তোক আপুনি গোসাঁই॥
এহি শুনি ব্ৰহ্মাসুতে তথা নৰহিলা।
আকাশ গমনে গৈয়া দ্বাৰকা পশিলা॥
রুক্মিণী সহিতে হৰি যথাত আছন্ত।
অন্তৰীক্ষে মুনি গৈয়া তথা কহিলন্ত॥
অৰ্জ্জুনৰ মৰণ শুনিয়া বনমালী।
অল্পমান বিষাদ কৰিলা মাথা তুলি॥