এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৪
কুলাচবধ।
নাৰদে বোলন্ত দেৱ তুমি ভাৰ বয়।
কুলাচল হাতে যদি পাণ্ডৱ মৰয়॥
বদতি মাধৱ মুনি শুনা পূৰ্ব্বাপৰ।
তুমি জানা কৈতো মৃত্যু নাহি পাণ্ডৱৰ॥
কোন জনে তাসাঙ্কৰ চিন্তিব মৰণ।
মই যাক ৰাখিয়া ফুৰোহোঁ সৰ্ব্বক্ষণ॥
এহি বুলি ঋষিক পুজিলা নাৰায়ণ।
চলিয়া গৈলন্ত তেবে ব্ৰহ্মাৰ নন্দন॥
অনন্তৰে কৃষ্ণে হেন মতে কৰি মন।
কুলাচল দানৱক বধিবে যতন॥
গৰুড় সহিতে পাৰিশদ গণ সমে।
তাক মাৰি পাণ্ডৱক জীৱাও অনুক্ৰমে॥
এহি মনে গুণি হৰি তথাতে বহিলা।
শুনা যেন যুধিষ্ঠিৰ নৃপতি কৰিলা॥
কুশাসনে বসি ৰাজা কৰি এক চিটি।
কৃষ্ণক সুমৰি ৰাজা কৰন্ত মিনতি॥
নমো নমো পুৰ্ণব্ৰহ্ম দেৱ সনাতন।
গেপাল স্বরূপে তুমি ৰাখা বেণুগণ॥
অতৰ্ক মহিমা ব্ৰহ্মা হৰে নজানয়।
হেন হৰি গোপ ৰূপে ৰাছরূ চাডুপ॥