পৃষ্ঠা:কুলাচল বধ.djvu/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০২
কুলাচল-বধ।

দেৱ সবে যি কৰিলে শুনা বিদ্যমান।
দশ দিগপাল গৈল বাসৱৰ থান॥
চন্দ্ৰ সূৰ্য্য বায়ু বহ্নি কুবেৰ বরুণ।
অশ্বিনী কুমাৰ আরু অষ্টবসুগণ॥
অনন্তৰে বায়ুয়ে মাতিলা বাসৱক।
শুনা দেৱৰাজ যেন ভৈলেক বিপাক॥
কুলাচলে ঢালিলেক চাৰি পাণ্ডৱক।
তাসম্বাৰ জীৱনক নিচিন্তা কিসক॥
দুই দিন ভৈল আজি ৰণত পড়িল।
সবে দেৱগণে এহি কাৰণে আসিল॥
যেমন প্ৰকাৰে জীৱে তাৰা চাৰিজন
উপায়ে নিয়মে তাক কৰিয়ো যতন।
পুৰন্দৰে বোলে মই জানি আছোঁ আক
উপায় নপাঁও পাণ্ডৱক জীয়াই বাক॥
চন্দ্ৰে বোলে জানিবা পাণ্ডৱ নমৰয়।
অজৰ অমৰ অমৃতৰ পানে হয়॥
গণ্ডগোল কৰি পান কৰিছে নিশ্চয়।
হেন পাণ্ডৱৰ কৈতে মৰণ আছয়॥
কিন্তু শৰ ঘাৱে হুয়া আছে জ্বৰ জ্বৰ॥
স্বভাৱে মনুষ্য সিটো অজৰ অমৰ॥