এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৭
কুলাচল বধ।
অগণি লাগিল গাৱে, শোকে কেনে তনু তাৱে,
এহি বুলি নমিলা চৰণ॥
শুনি পাছে যুধিষ্ঠিৰে, ক্ৰন্দন কৰিবে লৈলা,
শোকে দুৃঃখে দেখে অন্ধকাৰ।
ৰণক যাইবাৰ আজি, পঞ্চম দিৱস ভৈলা
পালটিয়া নাসিলন্ত আৰ॥
এহিমতে মন দুঃখে, বিলাপন্ত দুয়ো জনে,
কতো কৰে পথ নিৰীক্ষণ।
সেহি বেলা অশৰীৰি, পৰম ঘাতুক আতি,
শুনিলন্ত আকাশী বচন॥
শুনিয়ো নৰেন্দ্ৰ তুমি, তোমাত কহওঁ আমি,
হুয়া আছে কাৰ্য্য় বিসঙ্গতি।
তযু ভ্ৰাতৃ চাৰিজন, ৰণে ভৈলা নিপতন,
যেন লাগে কৰিয়ো যুগুতি॥
হেন শুনি নবৰায়, মুৰ্চ্চিত ভৈলেক প্ৰায়,
যেন মাথে বৰ্জপাত ভৈলা।
দেখিলেক অন্ধকাৰ, কৃষ্ণ কৃষ্ণ বুলি আৰ,
আলসতে পড়ি মূৰ্চ্চা গৈলা॥
জয় নমো নাৰায়ণ, পূৰ্ণ ব্ৰহ্ম সনাতন,
ভকতৰ ভয় দুৃঃখহৰ।